
তাহানিৰ বৰষুন আছিল সাক্ষী
সোহাগ আৰু মৰমৰ ;
মেঘ মোৰ প্রেম ,
পৰকীয়া পিছে বৰষুণৰ সৈতে;
বৰষুণকেই মই স্পর্শৰ দিলু অধিকাৰ।
অকৃপণ চুম্বনত সিক্ত কৰি
প্রতিটো তোপাট শিহৰণ,
আলোড়ন প্রতিটো ইন্দ্রিয়ত।
ৰন্ধ্রে ৰন্ধ্রে মাদকতা
চূড়ান্ত উন্মাদনা ।
ভঙ্গিমাৰ সলনি,
ব্যাপ্তিৰ পৰিধি ,
আবেগৰ ধাৰা
প্রেমক দিলে অন্যমাত্রা
স্বকীয়তা।
প্রজ্ঞা পাৰমিতা ভাওয়াল
জুন ২০১৭
© Paramita Prajna. All Rights Reserved. Unauthorized use or reproduction for any reason is prohibited