মামৰে ধৰা আবেগ ২৬জুন ১৭
আলসুয়া দুপৰীয়া
মামৰে ধৰা টিনৰ ট্রাঙ্কত
সামৰি থুয়া
সেমেকাই জুয়া স্মৃতিবোৰ
হাতৰ মুঠিত লৈ
মনৰ চুতালত মেলি ধৰিলো।
বতাহৰ পৰশ পাই
সৌৰভে ভৰি উঠিল হিয়া ;
সাৰ পাই উঠিল পুঞ্জীভূত আবেগ।
এজাক পখিলা বর্ণিল কৰি পেলালে মনতো ;
উত্তাল সুনামিৰ দৰে হৃদয়ৰ আবেগত ভাঁহি গল
সকলো সংযম।
ভৰপূৰ জীৱনৰ পেয়ালাৰ পৰা উপচি পৰে মিছা আৰু ভাঁওতা সুখ ;
কোনে নো পাৰে স্মৃতিসুধাত এনেকুয়া অমৃত বিচাৰিবলৈ ?
সোয়ৰণীৰ আলিবাটত নৈস্বর্গিক বিচৰণ কৰিবলৈ ?
ৰাইজৰ মাজত প্ৰেমৰ উচ্ছাস দেখাৱলৈ ?
আইৰ আঁচলত জপিয়াই গুনধ নিবলৈ ?
নিজৰ মতে জিয়াই থাকিব পাৰে কিমানে ?
প্রজ্ঞা পাৰমিতা ভাওয়াল
© Paramita Prajna. All Rights Reserved. Unauthorized use or reproduction for any reason is prohibited